অসম ৰাজ্যিক পণ্যাগাৰ নিগম :
- কৃষিজাত উৎপাদন, সাৰ আৰু অধুসূচিত সামগ্ৰীৰ বিজ্ঞানসন্মত ভাৱে সংৰক্ষণ আৰু সংগ্ৰহণৰ সুবিধা আগবঢ়োৱা ।
- সূচাৰু বজাৰ মূল্য / অৱলম্বন / স্থিৰ আঁচনি আদি নিৰ্মানত সহায় কৰাৰ লগতে অতিৰিক্ত বজাৰ সামগ্ৰী সমূহৰ কাৰণে অত্যাৱশ্যকীয় ঠাইৰ ব্যৱস্থা কৰা ।
- সন্ধিপত্ৰ প্ৰস্তুত কৰি পণ্যাগাৰৰ ৰচিদৰ বন্ধকৰ বিপৰীতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঁচনিৰ অধীনত ৰাজ্যৰ কৃষক আৰু ব্যৱসায়ী সকলক ৰাষ্ট্ৰীয়কৃত বেংকৰ জৰিয়তে সুলভ ঋণৰ সুবিধা প্ৰদান কৰা ।
- সঞ্চালন আৰু পৰিবহণ ব্যৱসায়ৰ ক্ষেত্ৰত উত্তৰাদায়িত্ব লোৱা।
- নিমখ আৰু চাহপাতৰ টোপোলাৰ ব্যৱসায়ত উত্তৰাদায়িত্ব লোৱা ।
- অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে সমাজ কল্যাণ বিভাগক ধান আৰু শস্যৰ গুটি যোগান ধৰা ।
- আই. চি. ডি ভৱনৰ জৰিয়তে অসমৰ চাহ ৰপ্তানিক প্ৰোৎসাহিত কৰা ।