বিভাগৰ পৰিকল্পনা: আত্মসহায় আৰু সমবায়ৰ জৰিয়তে ন্যায় বিচাৰ আৰু সাফল্য লাভ।
বিভাগৰ অভিযান: সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ কাৰণে জনগণৰ প্ৰতিষ্ঠান হিচাপে সমবায় সমিতিৰ উদ্যোগ লৈ এখন শক্তিশালী প্ৰাণচঞ্চল সমবায় খণ্ডৰ প্ৰতিষ্ঠা কৰা।
পৰিচালনাৰ কাৰণে আইন:
- অসম সমবায় সমিতি আইন, ২০০৭(এক্ট ৮,২০১২)
- অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন, ২০১০ চন
- পণ্যাগাৰ সহযোগী আইন, ১৯৬২ চন
- অসম সমবায় ভূমি বন্ধক বেংক আইন, ১০৬০ চন
- অসম ধাৰ-ঋণ প্ৰদান আইন, ১৯৩৪ চন
সমবায় বিভাগৰ কাম কাজ:
- ৰাজ্যৰ সমবায় আন্দোলনৰ সামগ্ৰীক উন্নতিৰ কাৰণে পৰামৰ্শ, সহায়, পৰিদৰ্শন, পঞ্জীয়নৰ বাবে সামবায় সমিতিৰ পঞ্জীয়ক নিযুক্তি।
- সমবায় সমিতি, অসমৰ পঞ্জীয়ক সহায় কৰিবলৈ বিষয়াক নিযুক্তি।
- সমবায় সমিতিৰ বিষয় পৰিচালন কৰিবলৈ সমবায় সমিতিৰ বিওডি ৰ দ্বাৰা সমৰ্থিত আবেদনৰ ভিত্তিত সমবায় সমিতি এখনলৈ বিষয়া প্ৰতিনিধি নিযুক্তি।
- এখন সমবায় সমিতিৰ মুখ্য কাৰ্য্যবাহী নিযুক্তি কৰা।
- যিকোনো ধৰণৰ সমবায় সমিতিলৈ ঋণ প্ৰদান বা অংশ লোৱা বা ঋণপত্ৰৰ ক্ষেত্ৰত মূলধন আৰু সূতৰ নিশিতি প্ৰদান কৰি বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা।
- প্ৰঞ্জীয়নকৃত সমবায় সমিতিৰ হিচাপ বহী পৰীক্ষা কৰিবলৈ চাৰ্টাৰ্ড একাউনটেণ্ট সমূহক পৰিচালনা কৰা।
- অসম সমবায় সমিতি আইন ২০০৭ ৰ ধাৰা ৭৯ অনুযায়ী সমবায় শ্ৰেণী বা এখন সমবায়ৰ নিৰ্দিষ্ট শুল্ক বা মাচুল ইত্যাদি হ্ৰাস কৰা।