ঠাই সমূহৰ অৱস্থানৰ ওপৰত বিবেচনা কৰি পণ্যাগাৰ সমূহক যেনে অধিক মূল্য, মধ্যম মূল্য আৰু সামান্য মূল্য এই তিনি প্ৰকাৰত ভাগ কৰা হৈছে । সাধাৰনতে সংগ্ৰহণৰ মূল্য নিৰ্ধাৰিত হয় প্ৰতি বস্তা / কুইণ্টল / মেট্ৰিক টন / ক্ষেত্ৰ ভিত্তিক / প্ৰতিমাহৰ ভিত্তিত । সংগ্ৰহণ মূল্যৰ ভিতৰত বীমা মূল্যও অন্তৰ্ভূক্ত কৰা হয় । ভিন ভিন সামগ্ৰীৰ কাৰনে সংগ্ৰহণ মূল্যও বেলেগ বেলেগ হয় । সাধাৰণতে প্ৰতি দুবছৰত সংগ্ৰহণ মূল্য সমূহ সংশোধন কৰা হয় । ইয়াত গুদাম সমূহ সম্পূৰ্ণকৈ পট্টা দিয়াৰ ব্যৱস্থাও জড়িত হৈ আছে ।