মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

অবলোকন

এগ্ৰিকাল্চাৰেল প্ৰডিউচ (ডেভেলপ্মেণ্ট অফ ৱেৰহাউচিং)এক্ট ১৯৫৬ ৰ অধীনত অসম ৰাজ্যিক পণ্যাগাৰ নিগম (এ এচ ডব্লিউ চি) প্ৰতিষ্ঠা হৈছিল, পিছত যিখনৰ, কৃষিজাত উৎপাদন আৰু নিৰ্দ্ধাৰিত অন্য সামগ্ৰী সমূহক পন্যাগাৰৰ সুবিধা প্ৰদান কৰা আৰু ইয়াৰ লগত জড়িত কাৰ্য্য কলাপৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি স্থান লয় দি ৱেৰহাউচিং ক`ৰ্পৰেচন এক্ট, ১৯৬২ এ ।

দা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াজ এক্ট ত প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই নিগমে বহু সফলতাৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰ নিৰ্মানৰ প্ৰচেষ্টাত মূল্যবান সাহাৰ্য্য প্ৰদান কৰি আহিছে ।

ভিন্ন প্ৰকাৰৰ জনসংখ্যা যেনেকৈ ক্ষুদ্ৰ খেতিয়ক, ব্যৱসায়ী, মৰাপাট উৎপাদনকাৰী, সাৰ ব্যৱসায়ী, চাহ উৎপাদক আৰু উদ্যোগপতি ইত্যাদিলৈ অসম ৰাজ্যিক পণ্যাগাৰ নিগমে আগবঢ়োৱা সেৱাৰ জৰিয়তে বূহৎ উদ্যোগ সমূহৰ দ্বাৰা সমৰ্থিত মূখ্যত: কৃষি প্ৰধান অৰ্থব্যৱস্থাত বিদ্যমান অসমে অতিকৈ লাভান্বিত হৈ আহিছে ।

১৯৫৮ চনতে মাত্ৰ ৮০০০ মেট্ৰিক টন পণ্যাগাৰ ক্ষমতাৰে নিজৰ উদোগ আৰম্ভ কৰা এই নিগমে আজি সমগ্ৰ ৰাজ্য জুৰি প্ৰসাৰিত ইয়াৰ ঠাই সমূহত থকা ৪২ টা পণ্যাগাৰ কেন্দ্ৰ আৰু বিভিন্ন বিভাগত নিয়োজিত ৩৭৫ জন কৰ্মচাৰীৰ এদল মানৱ শক্তিৰে সমৰ্থিত এনেকুৱা এটা সংস্থালৈ পৰিণত হৈছে যাৰ ক্ষমতা হৈছে ২`২০ মেট্ৰি্ক টন (স্ব নিৰ্মিত গুদাম + অস্থায়ী চালি)